Wednesday, 22 May 2019

Apple Chocolate Crepe Roll

আপেল চকলেট ক্ৰেপ ৰোল

সামগ্ৰী ---
ময়দা এক কাপ
কোকো পাউদাৰ ২ টেবুল চামুচ
চেনি এক টেবুল চামুচ
বেকিং পাউদাৰ এচামুচ
ভেনিলা এচেঞ্চ এচামুচ
গাখীৰ ডেৰ কাপ
তেল ১/৪ কাপ
নিমখ এচিকুট
ফিলিঙৰ বাবে লাগিব --
আপেল তিনিটা
চকলেট ৭০ গ্ৰাম
বাটাৰ এক চামুচ
ডালচেনি এটুকুৰা

প্ৰস্তুত প্ৰণালী  ---   আপেল কেইটাৰ বাকলি গুচাই মিহিকৈ কাটি লওঁক। কেৰাহীত বাটাৰ চামুচ দি ডালচেনি আৰু আপেল খিনি ভাজিব। ভজা হলে চকলেট খিনি ৰুকি দি নমাই ঠান্ডা হবলৈ দিব। কণীৰ লগত গাখীৰ ,চেনি ,ভেনিলা আৰু তেল মিহলাই ভালদৰে ফেটি লওঁক। ময়দাৰ লগত বাকী শুকান সামগ্ৰী লগলগাই চালি লৈ কণীৰ মিশ্ৰণটো ঢালি পনীয়া ঘোলা বনাই ননষ্টিক তাৱাত এখন এখন কৈ পাতল ৰুটিৰ দৰে বনাই লওঁক। ৰুটিৰ ওপৰত আপেল এচামুচ বহলাই দি তাৰ ওপৰত আকৌ ৰুটি দি এনেদৰে ৫-৬ খন দি একেলগে মেৰিয়াই  ফইল পেপাৰেৰে টানকৈ বান্ধি ৰোলটো ফ্ৰীজত ২০ মিনিট থৈ কাটি পৰিবেশন কৰিব।

No comments: