মুগৰ দাইলেৰে মুৰ্গীৰ মাংস আৰু তাৱাত ভজা বকফুল গাজৰ সৰু আলুৰ চালাড
সামগ্ৰী ---
মুৰ্গীৰ মাংস এক কিলো
মুগৰ দাইল ১০০ গ্ৰাম
পিয়াজ, জলকীয়া তিনিটাকৈ
বিলাহীৰ টুকুৰা আধা কাপ
আদা বটা এক চামুচ
নহৰু বটা ডেৰ চামুচ
জিৰা ধনীয়া গুৰি আধা চামুচকৈ
মিট মছলা, গৰম মছলা আৰু
কচুৰি মিথি আধা চামুচকৈ
নিমখ, জালুক,জলকীয়া গুৰি
সোৱাদ অনুযায়ী
তেল হালধি জোখ মতে
ঘি এক চামুচ
চালাডৰ বাবে লাগিব --
বকফুল আৰু সৰু আলু কেইটামান
গাজৰ দুটা, কণী এটা
নিমখ, জালুকৰ গুৰি এচিকুট
প্ৰস্তুত প্ৰণালী ---- মাংস আৰু দালি খিনি ধুই পানী টুকি লব। পাচলি খিনিও সৰুকৈ কাটি লব। পিয়াজ, বিলাহী আৰু অলপ নিমখ দি দালি খিনি ভাজি সিজাই লব। আন এটা কেৰাহীত জোখ মতে তেল আৰু ঘি চামুচ দি পিয়াজ আৰু বাকী মছলা ভাজি মাংস খিনি ভাজিব। মাংস ভজা হলে দালি খিনি দি ভালদৰে লৰাই নিমখ আৰু পানী দি উতলিবলৈ দিব। মাংস সিজিলে আঞ্জা খন নমাই থব। চালাডৰ বাবে আলু কণী আৰু গাজৰ সিজাই লৈ বকফুলৰ লগত তাৱাত সামান্য তেল দি ভাজি লব। 
No comments:
Post a Comment