Thursday, 14 February 2019

Valentine's Day Special Almond Makhana Pudding

ভেলেণ্টাইন'ছ ডে উপলক্ষে অলমণ্ড মখানা পুডিং
Valentine's Day Special Almond Makhana Pudding

সামগ্ৰী --
বাদাম ( অলমণ্ড ) একাপ
গাখীৰ আধা লিটাৰ
ৰোকা নাৰিকল একাপ
কনডেন্স মিক্ল আধা কাপ
ইলাচি গুৰি আধা চামুচ
ৰোজ এচেঞ্চ দুটোপাল
ঘি দুই টেবুল চামুচ
মখানা  এবাতি
নিমখ এচিকুট

প্ৰস্তুত প্ৰণালী ----   গাখীৰ খিনি উতলি ঘন হবলৈ  দিয়ক। সজাবলৈ কেইটা মান বাদাম ৰাখি বাকী কেইটা আধা চামুচ ঘিত ভাজি সামান্য গুৰি কৰি লওঁক। মখানা খিনিও অলপ ভাজি লব। কেৰাহীত ঘি গৰম কৰি নাৰিকল খিনি অলপ ভাজি ৰোজ এচেঞ্চৰ বাহিৰে বাকী সকলো সামগ্ৰী দি কম জুইত একেৰাহে লৰাই ঘন হৈ আহিলে ৰোজ এচেঞ্চ দি পুডিং খিনি নমাই থব।


No comments: