Tuesday, 12 February 2019

Fish Tangy Jhol with Musturd Greens and Turmarind

লাই শাক আৰু কেঁচা তেঁতেলিৰে মাছৰ টেঙা জোল
Fish Tangy Jhol With Mustard Greens & Raw Turmarind

সামগ্ৰী --
মাছ ৫-৬ টুকুৰা
বৰ লাই শাক এমুঠি
কেঁচা তেঁতেলি এগাঁঠি
সিজোৱা আলু আৰু
পিয়াজ এটা কৈ
কেঁচা জলকীয়া দুটা
আদা নহৰু বটা এচামুচ
জালুকৰ গুৰি আৰু
ধনীয়া গুৰি আধা চামুচকৈ
নিমখ সোৱাদ অনুযায়ী
তেল,হালধি জোখ মতে

প্ৰস্তুত প্ৰণালী ----   লাই শাক খিনি ধুই হাতেৰে ছিঙি বা কাটি লওঁক। তেঁতেলিৰ গুটি পেলাই দি মিহিকৈ কাটি লব লগতে পিয়াজ আৰু জলকীয়া দুটাও কাটি লব। আলুটো অলপ পানীৰ লগত পিটিকি লওঁক। মাছ কেইটুকুৰা নিমখ হালধি সানি ভাজি একাষে থৈ দি সেই তেলতে পিয়াজ,জলকীয়া, মছলা ,শাক আৰু   তেঁতেলি ভাজি আলু আৰু এগিলাচ মান পানী দি উতলিবলৈ দিব। উতল আহিলে ভজা মাছ আৰু নিমখ দিব। আঞ্জা খন অলপ ঘন হলে নমাই গৰম ভাতৰ  লগত জুতি লওঁক।

No comments: