Monday, 18 February 2019

Pumpkin Flowers Vada

ৰঙালাওঁৰ ফুলৰ বড়া
Pumpkin Flowers Vada

সামগ্ৰী ---
ৰঙালাওঁৰ ফুল ১২-১৫ টা
বেচন দুই টেবুল চামুচ
কেঁচা জলকীয়া তিনিটা
পিয়াজ,বিলাহী এটাকৈ
মিহিকৈ কুটা নহৰু এচামুচ
কচুৰি মিথি,ধনীয়া গুৰি আৰু
জালুকৰ গুৰি আধা চামুচকৈ
ধনীয়া পুদিনা পাত অলপ
নিমখ সোৱাদ অনুযায়ী
নেমুৰ ৰস দুই চামুচ
তেল প্ৰয়োজন মতে

প্ৰস্তুত প্ৰণালী ---   ৰঙালাওঁৰ ফুল কেইটাৰ মাজৰ কেশৰ ডাল পেলাই ধুই হাতেৰে ছিঙি লওঁক। পাচলি কেইবিধ সৰুকৈ কাটি লব। বহল বাচন এটাত ফুলৰ বাহিৰে বাকী সকলো সামগ্ৰী লগলগাই লৈ ফুল খিনি দি ভালদৰে সানি গৰম তেলত বড়া ভাজি লব। যিকোনো ছছৰ লগত গৰমে গৰমে খাই খুউব সোৱাদ লাগে।

No comments: