কৰ্পূৰৰ সোৱাদেৰে নাৰিকলৰ চিৰা
Karpur Flavoured Coconut Sira
সামগ্ৰী --
শুকান নাৰিকল এটা
চেনি ২০০ গ্ৰাম অথবা
সোৱাদ অনুযায়ী দিব
কৰ্পূৰ দুটুকুৰা (এচিকুট)
পানী জোখ মতে
প্ৰস্তুত প্ৰণালী ---- নাৰিকলটো ফালি বগা অংশৰ ওপৰৰ কলা তৰপটো গুচাই চালাড ৰোকা ৰুকণী খনেৰে ৰুকি লওঁক। ৰোকা নাৰিকল খিনি ভালদৰে তল যোৱাকৈ পানী দি কেৰাহীটো মধ্যমীয়া জুইত তুলি দিব। কিছু সময় পিছত পানী প্ৰায় শুকাই আহিলে জুই কমাই চেনি খিনি দি একেৰাহে লৰাই থাকি নাৰিকল খিনি জৰ্জৰিয়া হলে কৰ্পূৰ দি চিৰা খিনি নমাই থব। ঠান্ডা হলে আইনাৰ বটলত ভৰাই থৈ কেইবা সপ্তাহলৈ নাৰিকলৰ চিৰাৰ জুতি লব পৰা যায়।

No comments:
Post a Comment