না জাং কুম্ৰা
( বড়ো পদ্ধতিত কোমোৰাৰে মাছ )
Naa Jwng Kumra ( Bodo Style Fish With White Gourd )
সামগ্ৰী --
না ( মাছ ) ৬-৭ টুকুৰা
জালি কোমোৰা এটা
কেঁচা জলকীয়া চাৰিটা
পিয়াজ,বিলাহী এটাকৈ
আদা নহৰু বটা এক চামুচকৈ
জালুকৰ গুৰি আধা চামুচ
জিৰা ধনীয়া গুৰি আধা চামুচকৈ
নিমখ সোৱাদ অনুযায়ী
তেল,হালধি জোখ মতে
প্ৰস্তুত প্ৰণালী ---- কোমোৰাটো মিহিকৈ কুটি লওঁক। পিয়াজ, বিলাহী সৰুকৈ কাটি লব আৰু জলকীয়া কেইটা অলপ বটি লব। কেৰাহীত জোখ মতে তেল দি মাছ কেইটুকুৰা ভাজি উঠাই থৈ সেই তেলতে পিয়াজ, জলকীয়া বটা ,মছলা আৰু বিলাহী ভাজি লৈ কোমোৰা খিনি ভাজিব। নিমখ ,হালধি দি কোমোৰা খিনি আধা ভজা হলে মাছ কেইটুকুৰা আৰু একাপ মান পানী দি ঢাকোন লগাই দহ মিনিট মান ভাজি আঞ্জা খন নমাই থব।

No comments:
Post a Comment