Sunday, 24 February 2019

Mrigal Fish With Chinese Mallow & Chameleon Plant / Fish mint

লফা আ
ৰু মছন্দৰী পাতেৰে মিৰকা মাছ
Mrigal Fish With Chinese Mallow & Chameleon plant / Fish mint

সামগ্ৰী ---
মিৰকা মাছ ৫-৬ টুকুৰা
লফা শাক দুমুঠি
মছন্দৰী  এমুঠি
ধনীয়া পুদিনা অলপ
কেঁচা জলকীয়া দুটা
পিয়াজ, বিলাহী এটাকৈ
নহৰু ৪-৫ কোহ
আদা সৰু টুকুৰা এটা
জিৰা ধনীয়া আৰু
জালুকৰ গুৰি আধা চামুচকৈ
নিমখ, জলকীয়া গুৰি
সোৱাদ অনুযায়ী
তেল,হালধি জোখ মতে

প্ৰস্তুত প্ৰণালী ----    জলকীয়া,পিয়াজ, বিলাহী,আদা নহৰু আৰু শাক কেইবিধ লগলগাই মিক্সিত পিহি লওঁক। কেৰাহীত জোখ মতে তেল দি নিমখ হালধি সানি মাছ কেইটুকুৰা ভাজি তুলি থৈ সেই তেলতে শাকৰ মিশ্ৰণ খিনি আৰু গুৰি মছলা ভাজি নিমখ আৰু এগিলাচ পানী দি উতলিবলৈ দিব। এক উতল আহিলে মাছ খিনি দি পাঁচ মিনিট মান পিছত নমাই থব।

No comments: