বগৰীৰ মিঠা আচাৰ
Indian Jujube Sweet Pickle
সামগ্ৰী --
পকা বগৰী ৫০০ গ্ৰাম
মিঠাতেল ৩০০ গ্ৰাম
শুকান জলকীয়া ৮ টা
ধনীয়া গুৰি আৰু
জলকীয়াগুৰি এচামুচকৈ
আজোৱাইন আৰু
জিৰা গুৰি আধা চামুচকৈ
মিথি গুৰি এচিকুট
নিমখ সোৱাদ অনুযায়ী
চফ গুটি এক চামুচ
হালধি এক চামুচ
গুড় একাপ
প্ৰস্তুত প্ৰণালী ---- বগৰী কেইটা ধুই নিমখ সানি দুদিন ৰ'দত দিব। আধা মান বগৰী হাতেৰে চেপেটা কৰি লব। গুড় খিনি পানী আধা কাপ দি গলাই চেকি লব। তেল খিনি গৰম কৰি লৈ জুই কমাই দি জলকীয়া,মছলা, নিমখ আৰু হালধি দি সামান্য ভাজি গুড় খিনি ঢালি দি লৰাই দিব। পাঁচ মিনিট পিছত বগৰী খিনি দি আকৌ পাঁচ মিনিট মান ভালদৰে লৰাই নমাই থব। ঠান্ডা হলে আইনাৰ বটলত ভৰাই থব।

No comments:
Post a Comment