Wednesday, 6 February 2019

Chocolate Caramel Pudding

চকলেট কেৰামেল পুডিং
Chocolate Caramel Pudding

সামগ্ৰী --
গাখীৰ আধা লিটাৰ
চকলেট ১৩০ গ্ৰাম
চেনি আধা কাপ
ভেনিলা এচেঞ্চ এচামুচ
কণী চাৰিটা,নিমখ এচিকুট
কোকো পাউদাৰ ২ টেবুল চামুচ
কেৰামেলৰ বাবে চেনি দুই টেবুল চামুচ

প্ৰস্তুত প্ৰণালী ---   কেৰামেলৰ বাবে লোৱা চেনি খিনি শুদা কেৰাহীত কম জুইত গলাই লৈ পুডিং বনোৱা বাচন টোত ঢালি একাষে থৈ দিয়ক। গাখীৰ খিনি গৰম হবলৈ দি কণী, চেনি,নিমখ আৰু ভেনিলা লগলগাই ভালদৰে ফেটি লওঁক। গাখীৰ গৰম হলে ( উতলিব নালাগে ) চকলেট আৰু কোকো পাউদাৰ মিহলাই কণীৰ মিশ্ৰণ টোত অলপ অলপকৈ ঢালি দি একেৰাহে লৰাই থাকিব। মিশ্ৰণ টো চেকনিৰে চেকি কেৰামেল পুডিং বাতি টোত ভৰাই ৩০-৩৫ মিনিট মধ্যমীয়া জুইত ভাপত দিব। অভেনত দিলে ট্ৰে এখনত গৰম পানী দি বাতিটো ৰাখিব। তাৰ পিছত ফ্ৰীজত ৩-৪ ঘন্টা ৰাখি পৰিবেশন কৰিব।


No comments: