লাই শাকেৰে বয়ল চিকেন
Boiled Chicken With Mustard Greens
সামগ্ৰী --
চিকেন আধা কিলো
বৰ লাই শাক এমুঠি
কেঁচা বিলাহী দুটা
জলকীয়া ৪-৫ টা
নহৰু ৫-৬ কোহ
আদা এটুকুৰা
ধনীয়া পাত অলপ
নিমখ জুতি মতে
প্ৰস্তুত প্ৰণালী ---- বিলাহী আদা নহৰু শলা এডালেৰে বিন্ধাই লৈ জুইত পুৰি থেতেলীয়াই লওঁক। জলকীয়া দুটা মান ফালি লৈ বাকী কেইটা আধা বটা কৰি লব। চিকেন খিনি ধুই একো নিদিয়াকৈ শুদা কেৰাহীত বহাই দি পাঁচ মিনিট মান লুটিয়াই থাকি আদা নহৰু আৰু বিলাহী দি অলপ লৰাই শাক খিনি হাতেৰে ছিঙি দি আকৌ পাঁচ মিনিট লৰাই নিমখ আৰু এগিলাচ পানী দি ঢাকোন লগাই সিজিবলৈ দিব। মাংস সিজিলে ধনীয়া পাত দি নমাই গৰমে গৰমে পৰিবেশন কৰিব।

No comments:
Post a Comment