Sunday, 27 January 2019

Turkish Cabbage Leaves Dolma

তাৰ্কিছ পদ্ধতিৰে বন্ধা কবিৰ পাতৰ দোলমা
Turkish Cabbage Leaves Dolma

সামগ্ৰী --
বন্ধা কবিৰ পাত ১০-১২ টা
বনলেছ চিকেন ৫০০ গ্ৰাম
ধোৱা চাউল ১৫০ গ্ৰাম
পিয়াজ, বিলাহী, জলকীয়া দুটাকৈ
মিহিকৈ কুটা আদা এচামুচ আৰু
নহৰু ডেৰ চামুচ, তেল দুচামুচ
জিৰা, ধনীয়া, জালুকৰ গুৰি
আৰু ছফৰ গুৰি আধা চামুচকৈ
নিমখ, জলকীয়া গুৰি জুতি মতে
পাৰ্ছলে বা ধনীয়া এমুঠি
বিলাহীৰ ছছ দুচামুচ

প্ৰস্তুত প্ৰণালী ---   বন্ধা কবিৰ পাত কেইটা নিমখ দিয়া উতলা পানীত ৪-৫ মিনিট ৰাখি ঠান্ডা পানীৰে ধুই পানী টুকি লওঁক। চিকেন খিনি মিক্সিত সামান্য পিহি লব আৰু পাচলি খিনি সৰুকৈ কাটি লব। বহল বাচন এটাত চাউল  চিকেনৰ লগত ছছৰ বাহিৰে বাকী থকা সকলো সামগ্ৰী লগলগাই ভালদৰে সানি লৈ এক চামুচকৈ কবিৰ পাতৰ মাজত দি এটা এটা কৈ ৰোল তৈয়াৰ কৰি ওপৰত বিলাহীৰ ছছ দি ২৫-৩০ মিনিট ভাপত দিব। অভেনত দিলে ৰোল কেইটাৰ সমান্তৰালকৈ পানী দিব লাগিব।

No comments: