Wednesday, 23 January 2019

Steamed Fish With Curd & Teel

তিল বটা দৈৰে ভাপত দিয়া মাছ
Steamed Fish With Curd & Teel

সামগ্ৰী --
ৰৌ মাছ ৬-৭ টুকুৰা
তিল বটা ২ টেবুল চামুচ
টেঙা দৈ আধা কাপ
আদা বটা এচামুচ
নহৰু বটা ডেৰ চামুচ
জলকীয়া গুৰি এক চামুচ
জিৰা ধনীয়া গুৰি আৰু
জালুকৰ গুৰি আধা চামুচকৈ
নেমুৰ ৰস দুচামুচ
নিমখ সোৱাদ অনুযায়ী
কলপাত এখন

প্ৰস্তুত প্ৰণালী ---   মাছ কেইটুকুৰা ধুই পানী টুকি লওঁক।  কলপাত খন জুইত অলপ সেকি কোমলাই লব। বহল বাচন এটাত সকলো বোৰ সামগ্ৰী মিহলাই লৈ মাছ কেইটুকুৰা দি ভালদৰে সানি আধা ঘন্টা থৈ দিয়ক। কেৰাহী বা কুকাৰ এটা মধ্যমীয়া জুইত গৰম হবলৈ দি মাছ খিনি কলপাতেৰে মেৰিয়াই টোপোলা বান্ধি কেৰাহীত দি ঢাকোন লগাই দিব। ১৫ -২০ মিনিট মান পিছত লুটিয়াই দি আকৌ সিমান সময় পিছত নমাই থব। গৰম ভাতৰ লগত খাবলৈ খুব জুতি লগা হয়।

No comments: