Tuesday, 8 January 2019

Manipuri Chak Hao Kheer

মণিপুৰী কলা বৰা চাউলৰ পায়স
Manipuri Chak Hao Kheer

সামগ্ৰী --
গাখীৰ এক লিটাৰ
কলা বৰা চাউল তিনি মুঠি
চেনি একাপ বা জুতি মতে
মিহিকৈ কটা বাদাম ১০টা
খিচমিছ এমুঠি,তেজপাত২টা
ইলাচি গুৰি আধা চাহ চামুচ
নিমখ এচিকুট,ডালচেনি এটুকুৰা

প্ৰস্তুত প্ৰণালী ---  চাউল কেইমুঠি ধুই এঘন্টা তিয়াই থৈ নিমখ আৰু ডালচেনিৰ সৈতে কুকাৰত সিজাই লওঁক। গাখীৰ খিনি উতলিব দি ঘন হৈ আধা মান হলে সিজোৱা চাউল, তেজপাত আৰু বাদাম দি কিছু সময় মাজে মাজে  লৰাই থাকি চেনি আৰু খিচমিছ দি একেৰাহে লৰাই থাকিব লাগিব যাতে তলত লাগি নধৰে। পায়স খিনি ঘন হৈ আহিলে ইলাচি গুৰি দি নমাই থব। গৰমে গৰমে খাবলৈ খুব সোৱাদ লগা হয়। 

No comments: