লেমন গ্ৰাছ আৰু পিয়াজৰ পাতেৰে কুচিয়া মাছৰ আঞ্জা
Kusia Fish(Eel) With Lemon grass & Spring Onion
সামগ্ৰী --
কুচিয়া মাছ ১০-১২ টুকুৰা
পিয়াজৰ পাত ৬-৭ টা
লেমন গ্ৰাছ ৪-৫ ডাল
সিজোৱা আলু দুটা
পিয়াজ, জলকীয়া দুটাকৈ
আদা নহৰু বটা এচামুচ
জিৰা ধনীয়া গুৰি আধা চামুচকৈ
নিমখ, জালুক,জলকীয়া গুৰি
সোৱাদ অনুযায়ী ,নেমুৰ ৰস দুচামুচ
তেল,হালধি প্ৰয়োজন মতে
ধনীয়া পাত অলপ
প্ৰস্তুত প্ৰণালী --- পিয়াজ, জলকীয়া আৰু পিয়াজৰ পাত সৰুকৈ কুটি লওঁক। লেমন গ্ৰাছ খিনি অলপ পানীৰ সৈতে পিহি লব। মাছ কেইটুকুৰা নিমখ হালধি সানি ভাজি একাষে থৈ দিয়ক। সেই তেলতে পিয়াজ, জলকীয়া,পিয়াজৰ পাত আৰু মছলা ভাজি লৈ আলু খিনি ভাজিব। এতিয়া মাছ সিজাৰ জোখত পানী দি লগতে ভজা মাছ, লেমন গ্ৰাছ,নেমুৰ ৰস আৰু নিমখ হালধি দি উতলিবলৈ দিব। আঞ্জা খন উতলি ঘন হৈ আহিলে ধনীয়া পাত দি নমাই থব। গৰম ভাতৰ লগত খাবলৈ খুবেই জুতি লগা হয়।

No comments:
Post a Comment