Monday, 31 December 2018

Carrot Coconut Delight

গাজৰ নাৰিকলৰ মিঠাই
Carrot Coconut Delight

সামগ্ৰী --
গাজৰ আধা কিলো
শুকান নাৰিকলৰ গুৰি একাপ
কনডেন্স মিল্ক আধা কাপ
কাজুৰ গুৰি, চেনি আৰু ঘি
এক টেবুল চামুচকৈ
ইলাচি গুৰি আধা চামুচ
গাখীৰ এক কাপ
নিমখ এচিকুট

প্ৰস্তুত প্ৰণালী ---   গাজৰ কেইটা ধুই ৰুকি লৈ ঘিত ভাজিব। গাজৰৰ ৰস শুকালে নাৰিকলৰ গুৰি, কাজুৰ গুৰি আৰু নিমখ দি অলপ লৰাই দি কনডেন্স আৰু চেনি দিব। অলপ সময় ভাজি গাখীৰ খিনি দি একেৰাহে লৰাই
থাকি গাজৰৰ মিশ্ৰণ টো কেৰাহীৰ পৰা এৰাই আহিলে ইলাচি গুৰি দি নমাই আনি যিকোনো আকাৰৰ সাঁচত ভৰাই ঠান্ডা হবলৈ দিব। আধা ঘন্টা মান পিছত সাঁচৰ পৰা উলিয়াই চকলেট চছৰ লগত সুন্দৰকৈ সজাই পৰিবেশন কৰিব।

No comments: