Tuesday, 25 December 2018

Sweet & Sour Aubergine Pickle

পোৱাল বেঙেনাৰ মিঠা টেঙা আচাৰ
Sweet & Sour Aubergine Pickle

সামগ্ৰী --
পোৱাল বেঙেনা এক কিলো
শুকান জলকীয়া ৪-৫ টা
ধনীয়া আৰু জলকীয়া গুৰি
দুচামুচকৈ,জিৰা গুৰি এচামুচ
আজোৱাইন গুৰি আধা চামুচ
তেঁতেলিৰ ৰস এক চামুচ
ভিনেগাৰ আধা কাপ
নৰসিংহ পাত এমুঠি
হালধি এক চামুচ
চেনি চাৰি চামুচ মান
নিমখ ডেৰ চামুচ মান
মিঠাতেল আধা লিটাৰ

প্ৰস্তুত প্ৰণালী ---    বেঙেনা কেইটা ধুই এঘন্টা মান ৰ'দত দি পানী শুকালে সৰু সৰু  টুকুৰা কৰি কাটি একো নিদিয়াকৈ তেলত ভাজি একাষে থৈ দিয়ক। সেই তেলতে জলকীয়া, নৰসিংহ পাত আৰু মছলা বোৰ ভাজিব। এতিয়া ভাজি থোৱা বেঙেনা খিনি মছলাত দি নিমখ, চেনি,আৰু তেঁতেলি দি লাহে লাহে লৰাই থাকি চেনি গলিলে ভিনেগাৰ দি পাঁচ মিনিট মান পিছত নমাই থব। আচাৰ খিনি ভালদৰে ঠান্ডা হলেহে আইনাৰ বটলত ভৰাই থব। ৰুটি লুচিৰ লগত খাবলৈ খুবেই জুতি লগা হয়।

No comments: