Thursday, 13 December 2018

Methi Murgh Curry

মিথি শাকেৰে মুৰ্গীৰ মাংস
Methi Murgh Curry

সামগ্ৰী ---
মুৰ্গীৰ মাংস ১ কিলো
মিথি গুটি এক চামুচ
মিথি শাক এমুঠি
আদা নহৰু বটা,জিৰা
ধনীয়া গুৰি, মিট মছলা,
কচুৰি মিথি এক চামুচকৈ
নিমখ, জালুক,জলকীয়া
গুৰি সোৱাদ অনুযায়ী
ডাঙৰ পিয়াজ তিনিটা
গৰম মছলা আধা চামুচ
দৈ একাপ,হালধি এচামুচ
তেল প্ৰয়োজন মতে

প্ৰস্তুত প্ৰণালী ---   মাংস খিনিত আদা নহৰু বটা, দৈ,নিমখ আৰু সকলো বোৰ গুৰি মছলা সানি ৩-৪ ঘন্টা মান সময় ঢাকি থৈ দিয়ক। পিয়াজ আৰু মিথি শাক খিনি সৰুকৈ কুটি লব। কেৰাহীত জোখ মতে তেল দি মিথি গুটি কেইটা ভাজি পেলাই দিব। সেই তেলতে পিয়াজ ভাজি লৈ মাংস খিনি ভাজিব। ভালদৰে ভজা হলে মাংস সিজাৰ জোখত পানী দি ঢাকোন লগাই উতলিবলৈ দিব। আঞ্জা খন উতলি অলপ ঘন হৈ আহিলে মিথি শাক খিনি দি কম জুইত আকৌ দহ মিনিট মান ভাজি নমাই থব। গৰম ভাত অথবা ৰুটি নানৰ লগত খাবলৈ খুবেই জুতি লগা হয়।

No comments: