Sunday, 2 December 2018

Kesar Milk Modak

কেশৰ গাখীৰ মোদক
Kesar Milk Modak

সামগ্ৰী --
গাখীৰ ২ লিটাৰ
চেনি আধা কাপ
কেশৰ ৭-৮ ডাল
পিস্তাৰ সৰু টুকুৰা
দুচামুচ মান
ইলাচি গুৰি আধা চামুচ
নেমুৰ ৰস বা ভিনেগাৰ
আধা কাপ মান

প্ৰস্তুত প্ৰণালী ---  দুচামুচ মান গাখীৰত কেশৰ খিনি তিয়াই থৈ বাকী খিনি গাখীৰ উতলিব দি এক উতল আহিলে জুই বন্ধ কৰি নেমুৰ ৰস বা ভিনেগাৰ দি ফটাই লৈ চানা খিনি বৰফৰ পানীৰে ধুই টানকৈ পানী চেপি লৈ দহ মিনিট মান আটা মাৰাৰ দৰে মাৰি কোমল কৰি লব। চেনি খিনি মিক্সিত দি মিহি পাউদাৰ কৰি লব। দুয়োবিধ ননষ্টিক কেৰাহী এটাত লৈ কেশৰৰ সৈতে মাত্ৰ পাঁচ মিনিট একেবাৰে কম জুইত ভাজি ঠান্ডা হবলৈ দিব। অলপ ঠান্ডা হলে আকৌ মাৰি কোমল কৰি লৈ সৰু সৰু লাড়ু বনাই চেপেটা কৰি মাজত পিস্তা আৰু ইলাচি গুৰি দি মোদকৰ আকাৰ দিব। গাখীৰৰ মোদক খাবলৈ খুব সোৱাদ লগা হয়।

No comments: