পোৰা বেঙেনাৰে বিগহেড কাৰ্প মাছৰ থুপথুপিয়া
Big Head Carp Fish with Roasted Brinjal Gravy
সামগ্ৰী --
বিগহেড কাৰ্প মাছ ৫-৬ টুকুৰা
ভোলা বেঙেনা দুটা
পিয়াজ,জলকীয়া দুটাকৈ
বিলাহীৰ চছ দুচামুচ
আদা,নহৰু বটা এচামুচ
ধনীয়া গুৰি আধা চামুচ
নিমখ, জালুকৰ গুৰি
সোৱাদ অনুযায়ী
তেল,হালধি জোখ মতে
ধনীয়া পাত অলপ
প্ৰস্তুত প্ৰণালী --- সামান্য মিঠাতেল সানি বেঙেনা দুটা পুৰি বাকলি গুচাই অলপ পিটিকি লওঁক। মাছ কেইটুকুৰা নিমখ হালধি সানি ভাজি একাষে থৈ দিয়ক। সেই তেলতে জলকীয়া,পিয়াজ, মছলা ভাজি লৈ বেঙেনা খিনি ভাজিব লগতে চছ খিনিও দিব। এতিয়া এগিলাচ পানী,নিমখ,হালধি আৰু মাছ খিনি কেৰাহীত দি উতলিবলৈ দিব। আঞ্জা খন থুপথুপিয়া হলে ধনীয়া পাত দি নমাই থব। গৰম ভাত আৰু ৰুটিৰ লগত খাবলৈ খুবেই জুতি লগা হয়।

No comments:
Post a Comment