ব্ৰকলি আদাৰ পাতৰ কাবাব
Broccoli Ginger Leaf Veg Kabab
সামগ্ৰী --
মিহিকৈ কুটা আদাৰ পাত এচামুচ
পালেং, মূলা শাক একাপ
সিজোৱা ব্ৰকলি একাপ
পিয়াজ, জলকীয়া দুটাকৈ
সৰুকৈ কটা নহৰু এচামুচ
ধনীয়া পাত এমুঠি
নেমুৰ ৰস এচামুচ
ধনীয়া গুৰি, চাট মছলা
আধা চামুচকৈ,চুজি দুচামুচ
নিমখ, জালুকৰ গুৰি
সোৱাদ অনুযায়ী
তেল বা বাটাৰ জোখ মতে
প্ৰস্তুত প্ৰণালী --- পিয়াজ, জলকীয়া সৰুকৈ কাটি লওঁক, লগতে ব্ৰকলি খিনিও পিটিকি লব। বহল বাচন এটাত সকলো বোৰ সামগ্ৰী মিহলাই লৈ ভালদৰে সানি লওঁক। ইচ্ছা কৰিলে কণী এটাও ভাঙি দিব পাৰে। এতিয়া নিজৰ পছন্দ মতে আকাৰ দি কাবাব কেইটা তেল বা বাটাৰত ভাজি বিলাহীৰ চছৰ লগত গৰমে গৰমে পৰিবেশন কৰক।

No comments:
Post a Comment