মাখানাৰে ঢেঁকীয়া শাক ভাজি
Fiddlehead fern Bhaji With Makhana
সামগ্ৰী --
ঢেঁকীয়া শাক দুমুঠি
মাখানা এবাতি
কেঁচা জলকীয়া দুটা
নহৰু চাৰি কোহ
ধনীয়া গুৰি আধা চামুচ
নিমখ, জালুকৰ গুৰি
সোৱাদ অনুযায়ী
পিয়াজ এটা
তেল,হালধি
জোখ মতে
প্ৰস্তুত প্ৰণালী --- ঢেঁকীয়া শাক দুমুঠি ধুই খৰাহী এটাত বহলাই দি আধা ঘন্টা মান থৈ দিব অথবা দহ মিনিট মান ৰ'দত দি পানী শুকালে কাটি লব। মাখানা খিনি গৰম পানীত তিয়াই থৈ কোমল হলে আকৌ ঠান্ডা পানীৰে ধুই পানী চেপি লব। পিয়াজ, জলকীয়া কাটি লওঁক, লগতে নহৰু কেইকোহ ফালি লব। পিয়াজ, জলকীয়া,নহৰু আৰু মছলা ভাজি লৈ ঢেঁকীয়া আৰু মাখানা খিনি ভাজিব। ভজা হলে নিমখ দি পাঁচ মিনিট মান পিছত নমাই থব। গৰমে গৰমে ভাতৰ লগত খাই খুব সোৱাদ লাগে।

No comments:
Post a Comment