লাই আৰু মিথি শাকেৰে মাটন মিঞ্চ বল
Mutton Mince Ball With Mustard Greens and Fenugreek Greens
সামগ্ৰী --
ছাগলীৰ মাংস (হাড় নথকা) ৫০০ গ্ৰাম
লাই এমুঠি, মিথি এমুঠিৰ অলপ কম
পিয়াজ, কেঁচা জলকীয়া দুটাকৈ
মিহিকৈ কুটা নহৰু এচামুচ,
আদা আধা চামুচ, নেমুৰ ৰস দুচামুচ
জিৰা, ধনীয়া, মিট মছলা গুৰি
আধা চামুচকৈ,পুদিনা পাত অলপ
পিয়াজৰ পাত,ধনীয়া পাত আধা কাপকৈ
নিমখ, জালুকৰ গুৰি সোৱাদ অনুযায়ী
বিলাহী, কেপচিকাম এটাকৈ
বিলাহীৰ চছ দুচামুচ,হালধি অলপ
তেল প্ৰয়োজন অনুসৰি
প্ৰস্তুত প্ৰণালী --- মাংস খিনি মিক্সিত দি মিহি কৰি লওঁক। শাক দুবিধ খুব সৰু কৰি কুটি লব। এটা পিয়াজ সৰুকৈ আৰু আনটো অলপ ডাঙৰকৈ কাটি লব,লগতে কেপচিকাম, জলকীয়া, বিলাহীও কাটি লব। ডাঙৰকৈ কটা পিয়াজ, কেপচিকাম,বিলাহী আৰু চছৰ বাহিৰে বাকী সকলো সামগ্ৰী মাংসৰ লগত মিহলাই সানি লৈ সৰু সৰু লাড়ু কৰি তেলত ভাজি উঠাই থওক। সেই তেলতে পিয়াজ, কেপচিকাম,বিলাহী ভাজি মাংসৰ লাড়ু কেইটা আৰু চছ খিনি দি পাঁচ মিনিট মান আকৌ ভাজি নমাই থব। গৰমে গৰমে খাবলৈ খুব জুতি লগা হয়।

No comments:
Post a Comment