Monday, 5 November 2018

Poppy Seeds Coconut Milk Prawn Curry

আফুগুটি নাৰিকলৰ গাখীৰেৰে মিছা মাছ
Poppy Seeds Coconut Milk Prawn Curry

সামগ্ৰী --
মিছা মাছ ৫০০ গ্রাম
নাৰিকলৰ গাখীৰ একাপ
আফুগুটি বটা এক চামুচ
ধনীয়া গুৰি এক চামুচ
আদা নহৰু বটা এক চামুচ
সৰিয়হ আধা চামুচ
নেমুৰ ৰস দুচামুচ
পিয়াজ, বিলাহী এটাকৈ
নিমখ, জালুক,জলকীয়া
গুৰি সোৱাদ অনুযায়ী
তেল,হালধি জোখ মতে

প্ৰস্তুত প্ৰণালী ---  মিছা মাছ কেইটা এচিকুট নিমখ আৰু জালুকৰ গুৰি সানি আধা ভজা কৰি একাষে থৈ দিয়ক। কেৰাহীত জোখ মতে তেল দি সৰিয়হ ফুটাই পিয়াজ আৰু আফুগুটি বটা খিনি ভাজিব। এতিয়া  বাকী মছলা আৰু বিলাহী ভাজি লৈ এগিলাচ মান পানী দি উতলিব দিব। এক উতল আহিলে ভজা মাছ ,নিমখ, হালধি আৰু নাৰিকলৰ গাখীৰ দিব। আঞ্জা খন উতলি ঘন হলে নেমুৰ ৰস দি নমাই থব। গৰম ভাতৰ লগত অতি তৃপ্তি দায়ক হয়।

No comments: