বেচনৰ চিলা ৰেচিপি
Besan Cheela Recipe
সামগ্ৰী --
বেচন এবাতি
পানী ডেৰ বাতি
পিয়াজ,জলকীয়া দুটাকৈ
বিলাহী এটা
ধনীয়া গুৰি এচামুচ
জিৰা গুৰি, গৰম মছলা
আধা চামুচকৈ
মিহিকৈ কুটা আদা আধা চামুচ
নেমুৰ ৰস দুচামুচ
ধনীয়া পাত অলপ
হালধি এচিকুট
নিমখ জুতি মতে
তেল জোখ মতে
প্ৰস্তুত প্ৰণালী ---- বেচন খিনিৰ পানীৰে এটা ঘোল বনাই লব। ঘোলটো বেছি পনীয়া হব নালাগে। পিয়াজ,জলকীয়া আৰু বিলাহী সৰুকৈ কুটি লব। পিয়াজ আৰু বিলাহীৰ বাহিৰে বাকী সকলো সামগ্ৰী বেচনৰ লগত মিহলাই লওঁক। তাৱাত এক চামুচ তেল দি এখন হেতাৰে দুবাৰ ঘোলটো দি সামান্য বহলাই ওপৰত পিয়াজ বিলাহীৰ টুকুৰা দি ঢাকোন লগাই চাৰি মিনিট মান হলে লুটিয়াই দি আকৌ তিনি মিনিট মান ভাজি নমাই থব। তেনেকৈ বাকী কেইখনো ভাজিব। যিকোনো চছ বা চাটনিৰ লগত গৰমে গৰমে খাবলৈ খুব সোৱাদ লাগে।

No comments:
Post a Comment