Monday, 5 November 2018

Soft & Spongy Roshogolla


Soft & Spongy Roshogolla

সামগ্ৰী -
গাখীৰ এক লিটাৰ
টেঙা দৈ একাপ বা
এটা নেমুৰ ৰস
চেনি আধা চাহ চামুচ
চুজি এক চাহ চামুচ

চেনিৰ ৰসৰ বাবে..
পানী ৫ কাপ
চেনি আঢ়ৈ কাপ
ইলাচি ৪-৫ টা

প্ৰস্তুত প্ৰণালী ---  গাখীৰ খিনি উতলিব দি এক উতল আহিলে জুই বন্ধ কৰি  দৈ বা নেমুৰ ৰস দি চানা ফটাই লব। চানাখিনি পাতল কপাহী কাপোৰ এখনত বান্ধি ভালদৰে পানী চেপি লৈ চেনি আৰু চুজি মিহলাই ঢিলা হাতেৰে পাঁচ মিনিট মান আটাৰ দৰে মাৰি সৰু সৰু লাড়ু কৰি লওঁক। এতিয়া চেনিৰ ৰস খিনি উতলিবলৈ দি লাড়ু কেইটা একেলগে চেনিৰ ৰসত দি ঢাকোন লগাই দহ মিনিট সময় বেছি জুইত আৰু তাৰ পিছত লাড়ু কেইটা লুটিয়াই দি আকৌ ২০ মিনিট সময় কম মধ্যমীয়া জুইত সিজাই কেৰাহীটো নমাই আনি ঢাকি থব। ৩-৪ ঘন্টাৰ পিছত পৰিবেশন কৰিব।

No comments: