Saturday, 24 November 2018

Nga Thongba ( Manipuri Style Rou Fish Curry )

নগা ঠংবা  (মণিপুৰী পদ্ধতিৰে ৰৌ মাছৰ আঞ্জা )
Nga Thongba ( Manipuri Style Rou Fish Curry )


সামগ্ৰী --
ৰৌ মাছ ৫-৬ টুকুৰা
আলু, বিলাহী ,পিয়াজ,
কেঁচা জলকীয়া দুটাকৈ
কেঁচা হালধি আৰু আদা
বটা আধা চামুচকৈ
নহৰু বটা এক চামুচ
জিৰা, ধনীয়া গুৰি
আধা চামুচকৈ
নিমখ, জালুক,জলকীয়া
গুৰি সোৱাদ অনুযায়ী
পিয়াজৰ পাত আৰু
ধনীয়া পাত এমুঠি
তেল,হালধি জোখ মতে

প্ৰস্তুত প্ৰণালী ---  পাচলি কেইবিধ সৰুকৈ কাটি লওঁক। মাছ কেইটুকুৰা নিমখ হালধি গুৰি সানি আধা ভজা কৰি একাষে থৈ দিয়ক। সেই তেলতে পিয়াজ জলকীয়া আৰু বাকী বোৰ মছলা ভাজি লৈ আলু বিলাহী ভাজি ডেৰ গিলাচ মান পানী আৰু নিমখ দি উতলিবলৈ দিব। ভালদৰে উতল আহিলে ভজা মাছ কেইটুকুৰা কেৰাহীত দি আলু খিনি অলপ ভাঙি দিব। আঞ্জা খন উতলি ঘন হৈ আহিলে ধনীয়া পাত দি নমাই থব। গৰম ভাতৰ লগত খাই খুব তৃপ্তি লাগে।0

No comments: