Tuesday, 27 November 2018

Bhot Jalakiya Pickle

ভোট জলকীয়াৰ আচাৰ
Bhot Jalakiya Pickle

সামগ্ৰী --
ভোট জলকীয়া আধা কিলো
জিৰা আৰু চফৰ গুৰি এক চামুচকৈ
ধনীয়া গুৰি দুচামুচ
আজোৱাইনৰ গুৰি আধা চামুচ
নিমখ সোৱাদ অনুযায়ী
মিথি গুৰি এচিকুট মান
ভিনেগাৰ একাপ
হালধি এচামুচ

প্ৰস্তুত প্ৰণালী ---  ভোট জলকীয়াৰ আচাৰ দুই ধৰণেৰে  প্ৰস্তুত কৰিব পৰা যায়। (১) টেঙাৰ সোৱাদেৰে তৈয়াৰ  কৰিবলৈ জলকীয়া কেইটা ধুই এঘন্টা মান ৰ'দত দি পানী শুকালে টুকুৰা কৰি কাটি আকৌ গোটেই  দিনটো ৰ'দত শুকাবলৈ দিয়ক। তাৰ পিছত মিঠাতেল গৰম কৰি সকলো বোৰ মছলা ,নিমখ আৰু হালধি দি জলকীয়া খিনি তেলত দি ভালদৰে লৰাই দিব। জলকীয়াত মছলা লাগি ধৰিলে ভিনেগাৰ দি আকৌ দহ মিনিট মান কম জুইত লৰাই নমাই থৈ একেবাৰে ঠান্ডা হলেহে আইনাৰ বটলত ভৰাই থব।
(২) ওপৰত দিয়া ধৰণে কাটি শুকুৱাই লৈ ঠান্ডা তেল,মছলা, নিমখ ,হালধি সানি একেৰাহে চাৰিদিন মান ৰ'দত দি আইনাৰ বটলত ভৰাই থব। আচাৰৰ বটল কেইটা মাজে মাজে ৰ'দত দিব লাগিব। ভোট জলকীয়াৰ আচাৰ বহু দিনলৈ সাঁচি ৰাখি জুতি লব পৰা যায়।

No comments: