পানীলাওঁৰ গুলাব জামুন
Bottle Guard Gulab Jamun
সামগ্ৰী ---
পানীলাওঁ এটা
গাখীৰ আধা লিটাৰ
ডালচেনি এটুকুৰা
চাউলৰ গুৰি এচামুচ
নিমখ আধা চামুচ
পানী আধা কাপ
তেল জোখ মতে
চেনিৰ ৰসৰ বাবে-
পানী এক কাপ
চেনি ডেৰ কাপ
প্ৰস্তুত প্ৰণালী --- পানীলাওঁটো কাটি গুটিবোৰ পেলাই দি পাতল টুকুৰা কৰি লৈ নিমখ, পানী আৰু ডালচেনিৰ টুকুৰাৰে সৈতে কুকাৰত দি কেইটা মান হুইচেল দি লৈ পাতল কপাহী কাপোৰ এখনত বান্ধি ভালদৰে পানী চেপি লওঁক। গাখীৰ খিনি ফটাই পানী চেপি লৈ চানাখিনি হাতেৰে মোহাৰি লব। দুয়োবিধ মিহলাই লৈ তাত চাউলৰ গুৰি আৰু এচিকুট নিমখ দি আটা মাৰাৰ দৰে মাৰি সৰু সৰু লাড়ু কৰি গৰম তেলত কম জুইত ভাজি লব। চেনিৰ ৰস খিনি ভালদৰে উতলাই অলপ ঠান্ডা হলে ভজা লাড়ু কেইটা দি ঢাকোন লগাই আধা ঘন্টা ৰখাৰ পিছত পৰিবেশন কৰিব।

No comments:
Post a Comment