লং পাচলি আৰু সৰু মিছা মাছ ভজা
Long Pasoli and Baby Prawn Bhaji
সামগ্ৰী --
সৰু মিছা মাছ ২৫০ গ্ৰাম
লং পাচলি এবাতি
পিয়াজ, জলকীয়া দুটাকৈ
সৰুকৈ কটা নহৰু এচামুচ
জিৰা ধনীয়া গুৰি আধা চামুচকৈ
নিমখ, জালুকৰ গুৰি জুতি মতে
মান ধনীয়া পাত দুটা মান
তেল,হালধি জোখ মতে
নেমুৰ ৰস এচামুচ
বিলাহী এটা
প্ৰস্তুত প্ৰণালী --- মিছা মাছ কেইটা অলপ নিমখ আৰু জালুকৰ গুৰি সানি একাষে থৈ দিয়ক। লং পাচলি বা কলম দানি কেইটা মাজেৰে ফালি গুটি পেলাই দিব।পিয়াজ, জলকীয়া আৰু বিলাহীও সৰুকৈ কাটি লব। কেৰাহীত জোখ মতে তেল দি পিয়াজ,জলকীয়া, মছলা আৰু বিলাহী ভাজি লৈ লং পাচলি আৰু মিছা মাছ কেইটা ভাজিব। মাছ খিনি ৰঙচুৱা হলে নিমখ, হালধি,নেমুৰ ৰস আৰু ধনীয়া পাত দি নমাই থব। ভাত আৰু লুচিৰ লগত খাবলৈ খুবেই জুতি লগা হয়।

No comments:
Post a Comment