Wednesday, 7 November 2018

Goan Recheado Masala Fish

গোৱাৰ ৰিচেদো মছলা মাছ
Goan Recheado Masala Fish

সামগ্ৰী ---
মাছ ৫-৬ টুকুৰা
ৰিচেদো মছলা এচামুচ
নাৰিকলৰ গাখীৰ আধা কাপ
পিয়াজ ,বিলাহী দুটাকৈ
ধনীয়া গুৰি এচামুচ
গৰম মছলা আধা চামুচ
নিমখ সোৱাদ অনুযায়ী
তেল,হালধি জোখ মতে

প্ৰস্তুত প্ৰণালী ---  পিয়াজ আৰু বিলাহী সৰুকৈ কুটি লব। মাছ কেইটুকুৰা নিমখ হালধি সানি ভাজি একাষে থৈ দিয়ক। সেই তেলতে পিয়াজ, মছলা আৰু বিলাহী ভাজি  লৈ এগিলাচ মান পানী দি উতলিব দিব। ভালদৰে উতল আহিলে ভজা মাছ, নিমখ, হালধি আৰু নাৰিকলৰ গাখীৰ দি আকৌ অলপ সময় উতলাই আঞ্জাখন নমাই থব। গৰম ভাতৰ লগত খাবলৈ অতি সোৱাদ লগা হয়।

No comments: