ভাপত দিয়া চকলেট নাৰিকল মোদক
Chocolate Coconut Stuffed Steamed Modak
সামগ্ৰী --
চাউলৰ গুৰি এবাতি
নিমখ আধা চামুচ
পানী এবাতি
ঘি এচামুচ
ষ্টাফিঙৰ বাবে..
এফাল নাৰিকল ৰোকা
চকলেট ১৭৫ গ্ৰাম
বাদামৰ গুৰি দুচামুচ
ইলাচি গুৰি এচিকুট
প্ৰস্তুত প্ৰণালী --- প্ৰথমে ষ্টাফিং তৈয়াৰ কৰিবৰ বাবে কম জুইত নাৰিকলখিনি ভাজি লৈ বাদামৰ গুৰি, চকলেট আৰু ইলাচি গুৰি দি পাঁচ মিনিট মান লৰাই চকলেট গলিলে নমাই থব। তাৰ পিছত পানী বাতি ঘি আৰু নিমখ দি উতলিব দিব। ভালদৰে উতল আহিলে জুই বন্ধ কৰি চাউলৰ গুৰি খিনি দি অলপ লৰাই ঢাকোন মাৰি পাঁচ মিনিট থৈ দিয়ক। এতিয়া গুৰি খিনি আটাৰ দৰে মাৰি সৰু সৰু লাড়ু কৰি আঙুলিৰে বহলাই লৈ চকলেট ষ্টাফিং দি মোদকৰ আকাৰ দি দহ মিনিট ভাপত সিজাই গৰমে গৰমে পৰিবেশন কৰিব।

No comments:
Post a Comment