ভিয়েটনামী পদ্ধতিৰে ৰন্ধা কলদিলেৰে মুৰ্গীৰ মাংস
Vietnamese Banana Blossom Chicken Curry
সামগ্ৰী --
মুৰ্গীৰ মাংস এক কেজি
কলদিল এটা
আদা নহৰু বটা এচামুচ
পিয়াজ, জলকীয়া দুটাকৈ
বিলাহী ,তেজপাত এটাকৈ
জিৰা ধনীয়া গুৰি আধা চামুচকৈ
নিমখ, জালুক,জলকীয়া গুৰি
সোৱাদ অনুযায়ী
মিট মছলা, গৰম মছলা
আধা চামুচকৈ
নেমুৰ ৰস দুচামুচ
ধনীয়া পাত অলপ
তেল,হালধি জোখ মতে
প্ৰস্তুত প্ৰণালী --- মাংস খিনি আদা নহৰু বটা, অলপ নিমখ আৰু জালুকৰ গুৰি সানি লৈ আধা ঘন্টা থৈ দিয়ক।কলদিলটো মিহিকৈ কুটি ভাজি লৈ মিক্সিত অলপ পিহি লওঁক। কেৰাহীত জোখ মতে তেল দি তেজপাত, জলকীয়া, পিয়াজআৰু মছলা ভাজি লৈ বিলাহী আৰু মাংস ভাজিব। মাংসৰ ভজা গোন্ধ ওলালে কলদিল খিনি দি আকৌ অলপ সময় ভাজি নিমখ, হালধি,নেমুৰ ৰস আৰু মাংস সিজাৰ জোখত পানী দি উতলিবলৈ দিব।আঞ্জা খন উতলি ঘন হৈ আহিলে ধনীয়া পাত দি নমাই থব। ভাত ৰুটিৰ লগত খাবলৈ খুবেই জুতি লগা হয়।

No comments:
Post a Comment