Wednesday, 17 October 2018

Raw Papaya Kofta Curry

কেঁচা অমিতাৰ কোফ্তা কাৰী
Raw Papaya Kofta Curry

সামগ্ৰী --
কোফ্তাৰ বাবে-
ৰুকি লোৱা অমিতা এবাতি
বেচন দুই টেবুল চামুচ
সৰুকৈ কুটি লোৱা পিয়াজ,
কেঁচা জলকীয়া এটাকৈ
ধনীয়া গুৰি আধা চামুচ
ধনীয়া পাত অলপ
নিমখ আধা চামুচ
তেল প্ৰয়োজন মতে

কাৰীৰ বাবে -
বিলাহী, পিয়াজ দুটাকৈ( বটি লোৱা )
মগজ বা আফু গুটি বটা এচামুচ
নিমখ, জালুক,জলকীয়া গুৰি
সোৱাদ অনুযায়ী
আদা নহৰু বটা এচামুচ
জিৰা গুৰি,কাৰী মছলা ,
গৰম মছলা আধা চামুচকৈ
তেল,হালধি জোখ মতে

প্ৰস্তুত প্ৰণালী ---  অমিতা খিনিত নিমখ সানি দহ মিনিট থৈ দিয়াৰ পিছত টানকৈ চেপি নিমখ পানী পেলাই দিব। নিমখ দিলে আঠাৰ গোন্ধ নাইকীয়া হয় আৰু অমিতাৰ ৰসো ওলাই যায়। অমিতা খিনিত কোফ্তাৰ সকলো সামগ্ৰী লগলগাই ভালদৰে সানি লৈ সৰু সৰু লাড়ু বনাই তেলত ভাজি লব। সেই তেলতে কাৰীৰ মছলা বোৰ ভাজি লৈ এক গিলাচ মান বা নিজৰ আন্দাজ মতে পানী দি উতলিবলৈ দিব। উতল আহিলে কোফ্তা কেইটা দি আঞ্জা খন ঘন হলে নমাই থব। ভাত,ৰুটি লুচিৰ লগত খাবলৈ জুতি লগা হয়।

No comments: