Sunday, 21 October 2018

Seviyan Masala Omelette

 চেৱেৰ মছলা অমলেট
 Seviyan Masala Omelette

সামগ্ৰী --
কণী দুটা
সিজোৱা চেৱে একাপ
পিয়াজ, বিলাহী আৰু
কেঁচা জলকীয়া এটাকৈ
মিহিকৈ কুটা নহৰু এচামুচ
ধনীয়া গুৰি, কচুৰি মিথি
আধা চামুচকৈ
নিমখ, জালুক,জলকীয়া গুৰি
সোৱাদ অনুযায়ী
তেল বা বাটাৰ জোখ মতে

প্ৰস্তুত প্ৰণালী ---  পিয়াজ, জলকীয়া আৰু বিলাহীটো সৰুকৈ কুটি ভাজি লওঁক। কণী দুটা ফেটি লৈ তাত চেৱে   নিমখ আৰু বাকী মছলা দি আকৌ অলপ ভালদৰে ফেটি ভজা পিয়াজৰ ওপৰত মিশ্ৰণটো বহলাই দি ঢাকোন লগাই কম জুইত পাঁচ মিনিট মান ৰাখি লুটিয়াই দি আকৌ  চাৰি মিনিট মান পিছত নমাই থব। চেৱেৰ অমলেট কম সময়তে তৈয়াৰ কৰি খাব পৰা এটি অতি পুষ্টিকৰ আৰু সুস্বাদু জলপান।

No comments: