আপেল আৰু গাখীৰৰ পুডিং
Apple Milk Pudding
সামগ্ৰী --
আপেল দুটা
গাখীৰ আধা লিটাৰ
কনডেন্স মিল্ক এক কাপ
জিলেটিন দুই টেবুল চামুচ
ভেনিলা এচেঞ্চ এক চামুচ
ক্ৰীম ১০০ গ্ৰাম
পানী আধা কাপ
নিমখ এচিকুট
প্ৰস্তুত প্ৰণালী --- জিলেটিন খিনি পানীত গুলি একাষে থৈ দিয়ক। আপেল দুটা বাকলি গুচাই মিহিকৈ ৰুকি নিমখ এচিকুট সানি লব। গাখীৰ খিনি গৰম হবলৈ দি কনডেন্স মিল্ক আৰু ভেনিলা এচেঞ্চ দি একেৰাহে লৰাই থাকি আপেল খিনি দিব। জুই কম মধ্যমীয়া কৈ ৰাখিব। আপেল খিনি গলা যেন হলে ক্ৰীম আৰু জিলেটিন খিনি দি এক মিনিট মান সময় একেৰাহে লৰাই থাকি নমাই আনি কেক টিন এটাত ঢালি ফ্ৰীজত এঘন্টা মান থৈ ঠান্ডাকৈয়ে পৰিবেশন কৰিব।

No comments:
Post a Comment