আফুগুটি আৰু ভোট জলকীয়াৰে কণীৰ থুপথুপিয়া
Poppy Seeds and Bhot Jalakiya Egg Curry
সামগ্ৰী --
কণী ৪-৫ টা
ভোট জলকীয়া দুটুকুৰা
আফুগুটি এচামুচ
পিয়াজ,বিলাহী এটাকৈ
নহৰু বটা, গৰম মচলা,
কাৰি মচলা আধা চামুচকৈ
নিমখ, জালুকৰ গুৰি জুতি মতে
ক্ৰীম এচামুচ
তেল,হালধি জোখ মতে
প্ৰস্তুত প্ৰণালী ---- কণী কেইটা সিজাই বাকলি গুচাই সামান্য ভাজি দুফাল কৰি লওঁক। আফুগুটি পিহোতে পিয়াজ, বিলাহী আৰু ভোট জলকীয়াও একেলগে পিহি লব। কেৰাহীত জোখ মতে তেল দি আফু বটা আৰু মচলা বোৰ ভাজি এগিলাচ মান পানী দি উতলিবলৈ দিব। এক উতল আহিলে নিমখ, ক্ৰীম আৰু কণী কেইটুকুৰা দি আঞ্জা খন উতলি থুপথুপিয়া হলে নমাই থব। গৰম ৰুটি লুচিৰ লগত খাবলৈ খুবেই জুতি লগা হয়

No comments:
Post a Comment