জহা চাউলৰ পায়স ( অসমৰ পাৰম্পৰিক মিষ্টান্ন )
Joha Rice Kheer ( Assamese Authentic Sweet Dish)
সামগ্ৰী --- গাখীৰ এক লিটাৰ
জহা চাউল ডেৰ মুঠি
চেনি একাপ বা জুতি মতে
কাজু ১০-১২ টা মান
খিচমিচ এমুঠি
তেজপাত দুটা
ইলাচি গুৰি এচিকুট
প্ৰস্তুত প্ৰণালী --- জহা চাউল খিনি এঘন্টা মান আগতে ধুই অলপ পানীত তিয়াই থৈ দিয়ক। খিচমিচ আৰু তেজপাত দুটাও ধুই লব। কাজু কেইটা দুফাল কৰি লব। গাখীৰ খিনি উতলিব দি এক উতল আহিলে চাউল আৰু তেজপাত দি লৰাই দিব। মাজে মাজে লৰাই থাকিব লাগিব নহলে তলিত লাগি ধৰিব পাৰে। চাউল ভালদৰে সিজিলে চেনি, কাজু, খিচমিচ দি অলপ সময় একেৰাহে লৰাই থাকি ইলাচি গুৰি দি নমাই থব। অলপ ঠান্ডা হলে বানবাতিত সুন্দৰকৈ সজাই পৰিবেশন কৰিব।

No comments:
Post a Comment