নহৰু নেমু বাঁহৰ গাজেৰে পনীৰ
Garlic Lemon Bamboo Shoots Paneer
সামগ্ৰী ---
বাঁহৰ গাজ এবাতি
পনীৰ ৩৫০ গ্ৰাম
পিয়াজ, বিলাহী এটাকৈ
কেঁচা জলকীয়া দুটা
নহৰু বটা এচামুচ
নেমুৰ ৰস দুচামুচ
বাটাৰ এচামুচ
জিৰা, ধনীয়া গুৰি ,
গৰম মচলা আধা চামুচকৈ
নিমখ, জালুক,জলকীয়া গুৰি
সোৱাদ অনুযায়ী
পুদিনা পাত অলপ
তেল,হালধি জোখ মতে
প্ৰস্তুত প্ৰণালী --- বাঁহৰ গাজ ৰোকা হোৱাৰ পিছত বগা পাতৰ দৰে যিখিনি কোমল গাজ ৰৈ যায়, সেইখিনিৰ এবাতি মান লব। পাচলি খিনি সৰুকৈ কুটি লব। পনীৰ খিনি নিজৰ মতে কাটি লওঁক। সামান্য নিমখ আৰু জালুকৰ গুৰি দি পনীৰৰ টুকুৰা বোৰ বাটাৰত অলপ ভাজি একাষে থৈ দিয়ক। কেৰাহীত জোখ মতে তেল দি পিয়াজ, জলকীয়া আৰু মচলা ভাজি লৈ বিলাহী আৰু বাঁহৰ গাজ খিনি ভাজিব। এতিয়া ভজা পনীৰ খিনি কেৰাহীত দি নেমুৰ ৰস,নিমখ হালধি দি ঢাকোন মাৰি দহ মিনিট মান সময় কম জুইত ভাজি পুদিনা পাত দি নমাই থব। গৰম ভাত আৰু ৰুটিৰ লগত খাবলৈ খুব সোৱাদ লাগে।

No comments:
Post a Comment