Tuesday, 9 October 2018

Milk Powder Rasmalai

পাউদাৰ গাখীৰেৰে তৈয়াৰী ৰসমলাই
Milk Powder Rasmalai

সামগ্ৰী --
মলাইৰ বাবে ..
গাখীৰ একাপৰ চাৰি ভাগৰ এভাগ
পাউদাৰ গাখীৰ একাপ
চেনি ২ টেবুল চামুচ
ঘি এক চাহ চামুচ
বেকিং পাউদাৰ আধা
চাহ চামুচ

ৰাবৰিৰ বাবে ...
পাউদাৰ গাখীৰ ২ টেবুল চামুচ
চেনি ২ টেবুল চামুচ
গাখীৰ আধা লিটাৰ
ইলাচি গুৰি আধা চামুচ
বাদাম ,পিষ্টা অলপ

প্ৰস্তুত প্ৰণালী ---  প্ৰথমে মলাই কেইটা বনাই লব লাগিব। মলাই বনাবলৈ প্ৰয়োজন হোৱা সামগ্ৰী খিনি ননষ্টিক কেৰাহী এটাত লৈ কম জুইত একেৰাহে কিছু সময় লৰাই থাকিব। মিশ্ৰণটো খুব মিহি হব লাগিব ( No lumps ), কেৰাহীৰ পৰা মিশ্ৰণ খিনি এৰাই আহিলে নমাই আনি অলপ ঠান্ডা হলে হাতত সামান্য ঘি সানি নিজৰ পছন্দ মতে মলাই কেইটাৰ আকাৰ দি লব। ৰাবৰি তৈয়াৰ কৰিবলৈ গাখীৰত চেনি, পাউদাৰ গাখীৰ, বাদাম পিষ্টা আৰু ইলাচি গুৰি দি উতলাই ঘন কৰি লব। ৰাবৰি খিনি হলে গৰমে গৰমে মলাই কেইটাৰ ওপৰত ঢালি দি দহ মিনিট মান ঢাকি থৈ অলপ ঠান্ডা হলে পৰিবেশন কৰিব। খুব কম সময়তে তৈয়াৰ হয় আৰু খাবলৈও বহুত সোৱাদ লাগে।


No comments: