Monday, 8 October 2018

Amritsari Mithi Sarson Saag

অমৃতসৰি মিথি সৰিয়হ শাক ভাজি
Amritsari Mithi Sarson Saag

সামগ্ৰী --
সৰিয়হ শাক দুমুঠি
মিথি শাক এমুঠি
কেঁচা জলকীয়া দুটা
পিয়াজ, বিলাহী এটাকৈ
আদা নহৰু বটা এচামুচ
ধনীয়া গুৰি আধা চামুচ
নিমখ, জালুক,জলকীয়া গুৰি
সোৱাদ অনুযায়ী
ধনীয়া পাত আৰু
গোটা গৰম মচলা অলপ
ঘি দুচামুচ

প্ৰস্তুত প্ৰণালী --  শাক দুবিধ ভালদৰে ধুই মিহিকৈ কুটি লওঁক। জলকীয়া, পিয়াজ আৰু বিলাহীও সৰুকৈ কাটি লব। কেৰাহীত ঘি গৰম হবলৈ দি গৰম মচলা, জলকীয়া,পিয়াজ আৰু বাকী মচলা ভাজি লৈ বিলাহী খিনি ভাজিব। বিলাহী ভজা হলে শাক খিনি দি কেৰাহীত ঢাকোন লগাই কম জুইত কিছু সময় ভাজিব। শাক খিনি সিজিলে হেতা খনেৰে ভাঙি ভাঙি আৰু বেছি মিহি কৰি লব। বেছি ঘি খোৱা পছন্দ কৰিলে আধা চামুচ ঘি আৰু ধনীয়া পাত দি নমাই থব। গৰম ভাত আৰু ৰুটিৰ লগত খাই খুব সোৱাদ লাগে।

No comments: