Thursday, 4 October 2018

Lebanese Dajaj Mashwi ( Grilled Chicken )

লেবাণীজ দাজাজ মেচিউ ( গ্ৰীল্ড চিকেন )
Lebanese Dajaj Mashwi ( Grilled Chicken )

সামগ্ৰী --
বনলেছ চিকেন ৪০০ গ্ৰাম
পিয়াজ,নহৰু বটা এক চামুচ কৈ
আদা বটা আধা চামুচ
জিৰা ,ধনীয়া গুৰি,গৰম মচলা,
তন্দুৰী চিকেন মচলা আধা চামুচ কৈ
নিমখ, জালুক,জলকীয়া গুৰি
সোৱাদ অনুযায়ী
নেমুৰ ৰস দুচামুচ
দৈ দুই টেবুল চামুচ
তেল জোখ মতে

সজাবলৈ কণীৰ জালি পাপৰৰ
বাবে লাগিব..
কণী তিনিটা
কৰ্ণফ্লৰ ১টেবুল চামুচ
গাখীৰ ২ টেবুল চামুচ
নিমখ, জালুকৰ গুৰি এচিকুট

প্ৰস্তুত প্ৰণালী --  চিকেন খিনিত সকলো বোৰ মচলা আৰু নিমখ সানি দুই তিনি ঘন্টা মান থৈ দিয়ক। কণীৰ পাপৰ বনাবৰ বাবে কৰ্ণফ্লৰ,নিমখ আৰু জালুকৰ গুৰি গাখীৰত গুলি লব আৰু কণী কেইটা বেলেগকৈ ফেটি লব। এতিয়া দুয়োবিধ লগলগাই আকৌ অলপ ফেটি একাষে থৈ দিয়ক। দুই তিনি ঘন্টাৰ পিছত চিকেন খিনি গ্ৰীলপেন অথবা তাৱাত গ্ৰীল কৰি লব। কণীৰ মিশ্ৰণটো পাইপিং বেগ বা জিলাপী মেকাৰত ভৰাই ননষ্টিক তাৱাত কেইখনমান জালি পাপৰ বনাই লব। গ্ৰীল্ড  চিকেনৰ টুকুৰা কণীৰ পাপৰৰ মাজত সুন্দৰকৈ সজাই পৰিবেশন কৰিব। আবেলিৰ চাহ কাপৰ লগত খাবলৈ খুবেই জুতি লগা হয়।

No comments: