Saturday, 13 October 2018

Bark Of Banana Khaar with Moong Daal

মুগৰ দাইলেৰে কল পচলাৰ খাৰ
Bark of Banana Khaar with Moong Daal

সামগ্ৰী --
কল পচলা এডাল
মুগৰ দাইল দুমুঠি
আদা নহৰু বটা এচামুচ
জিৰা ধনীয়া গুৰি আধা চামুচকৈ
সৰিয়হ আধা চামুচ
কেঁচা জলকীয়া দুটা
খোৱা চ"ডা এচিকুট বা
কলাখাৰ জুতি মতে
নিমখ, জালুক,জলকীয়া গুৰি
প্ৰয়োজন অনুযায়ী
মিঠাতেল,হালধি জোখ মতে

প্ৰস্তুত প্ৰণালী ---  কল পচলা ডাল ধুই মিহিকৈ কুটি লওঁক। মুগৰ দাইল খিনিও ধুই লব। কেৰাহীত জোখ মতে তেল দি সৰিয়হ ফুটাই জলকীয়া,আদা নহৰু, জিৰা ধনীয়া গুৰি ভাজি লৈ দাইল আৰু পচলা ভাজিব। নিমখ, হালধি আৰু খাৰ দি আকৌ অলপ ভাজি এগিলাচ মান পানীৰে সৈতে পচলা খিনি কুকাৰত দি কেইটা মান হুইচেল দি লব। হুইচেল যোৱাৰ পিছত হেতাৰে পচলা খিনি অলপ ভাঙি মিহি কৰি লব। খোৱাৰ সময়ত আধা চাহ চামুচ কেঁচা মিঠাতেল দি ভালদৰে সানি লব। গৰম ভাতৰ লগত খুব তৃপ্তিদায়ক হয়।

No comments: