ঘৰতে বনোৱা লাচ্ছা চেৱে
Homemade Laccha Sewai
সামগ্ৰী --
ময়দা দুকাপ
নিমখ এচিকুট
কৰ্ণফ্লৰ দুই টেবুল চামুচ
ডালদা বা তেল দুকাপ
পানী আৰু ভাজিবলৈ তেল
প্ৰয়োজন মতে লব
প্ৰস্তুত প্ৰণালী --- ময়দা খিনিত নিমখ দি পানীৰে মাৰি লৈ তিনিটা লাড়ু কৰি প্ৰতিটো লাড়ুৰ মাজত একোটা ফুটা কৰি লওঁক। ডাঙৰ ট্ৰে বা কাঁহী এখনত ডালদা দুকাপ অথবা আধা ডালদা আৰু আধা তেল লৈ তাত কৰ্ণফ্লৰ মিহলাই লাড়ু কেইটা পোন্ধৰ মিনিট মান ডুবাই ৰাখি সেই সময়তে লাড়ু কেইটা ঘনে ঘনে লুটিয়াই থাকিব লাগিব। তাৰ পিছত লাড়ু কেইটা এটা এটা কৈ ডালদাত লেটিয়াই লাড়ুৰ ময়দা খিনি সূতাৰ নিচিনা হোৱালৈ হাতেৰে কিছু সময় ঘূৰাই থাকিব লাগিব। এখন বহল কেৰাহীত তেল গৰম কৰি এখন এখন কৈ চেৱে ভাজিব লব। ভাজি থাকোতে শ'লা এডালেৰে চেৱে খন বহলাই দি থাকিব লাগিব। এয়াৰ টাইত কণতেনাৰত ভৰাই থৈ গৰম গাখীৰৰ লগত কেইবা মাহলৈ লাচ্ছা চেৱেৰ জুতি লব পাৰি।

No comments:
Post a Comment