Sunday, 28 October 2018

Bhurah Bijak ( Garo Style Chicken Curry )

ভূৰাহ বিজাক ( গাৰো পদ্ধতিৰে মুৰ্গীৰ মাংস )
Bhurah Bijak ( Garo Style Chicken Curry )

সামগ্ৰী --
মুৰ্গীৰ মাংস আধা কিলো
ভোলৰ পাত এমুঠি
চাউলৰ গুৰি দুচামুচ
আদা নহৰু বটা এচামুচ
কেঁচা জলকীয়া দুটা
পিয়াজ, বিলাহী এটাকৈ
জিৰা বটা আধা চামুচ
নিমখ, জালুক,জলকীয়া
গুৰি সোৱাদ অনুযায়ী
তেল,হালধি আৰু পানী
প্ৰয়োজন মতে

প্ৰস্তুত প্ৰণালী ---  পিয়াজ, জলকীয়া,বিলাহী আৰু ভোলৰ পাত খিনি সৰুকৈ কাটি লওঁক। আধা কাপ পানীত চাউলৰ গুৰি খিনি গুলি লব। কেৰাহীত জোখ মতে তেল দি পিয়াজ,জলকীয়া, মছলা ভাজি লৈ বিলাহী আৰু মাংস ভাজিব। মাংস আধা ভজা হলে ভোলৰ পাত খিনি দি আকৌ কিছু সময় ভাজি নিমখ,হালধি,চাউলৰ গুৰি আৰু এগিলাচ মান পানী দি উতলিব দিব। আচলতে গাৰো সকলে হালধি নিদিয়ে,আমাৰ অভ্যাস হেতু অলপ মান নিদিলে ভাল নালাগে। আঞ্জা খন উতলি ঘন হলে নমাই থব।গৰম ভাতৰ লগত খাবলৈ খুব সোৱাদ লাগে।

No comments: