Friday, 26 October 2018

Fish Sorsori With Ginger Leave

আদাৰ পাতেৰে মাছৰ চৰ্চৰি
Fish Sorsori With Ginger Leave

সামগ্ৰী --
চেনিপুঠী মাছ ৫-৬ টা
আদাৰ কুমলীয়া পাত বটা
দুই টেবুল চামুচ
এটা পিয়াজ বটি লোৱা
কেঁচা জলকীয়া দুটা বটি লোৱা
নহৰু বটা এক চামুচ
জিৰা, ধনীয়া,জালুকৰ
গুৰি আধা চামুচকৈ
তেল,হালধি জোখ মতে
নেমুৰ ৰস দুচামুচ
নিমখ জুতি মতে

প্ৰস্তুত প্ৰণালী ---  মাছ কেইটা নিমখ হালধি সানি ভাজি একাষে থৈ দিয়ক। সেই তেলতে পিয়াজ জলকীয়া বটা আৰু বাকী মছলা ভাজি লৈ আদাৰ পাত বটা খিনি ভাজিব। হালধি দিব নালাগে, তেতিয়া পাতৰ সেউজীয়া ৰংটো সুন্দৰ হৈ থাকিব। ভালদৰে ভজা হলে নিমখ, নেমুৰ ৰস আৰু  এগিলাচ মান পানী দি উতলিবলৈ দিব। এক উতল আহিলে মাছ কেইটা আঞ্জাত দি অলপ ঘন হৈ আহিলে নমাই থব। গৰম ভাতৰ লগত খাই খুব সোৱাদ লাগে।


No comments: