বেক নকৰাকৈ বনোৱা চিজ কেক
Delicious Cheese Cake ( No Bake )
সামগ্ৰী - মেৰী বিস্কুটৰ গুৰি একাপ, গলাই লোৱা বাটাৰ ৪ টেবুল চামুচ, চেনি ২ চাহ চামুচ, আমূল ক্রিমচিজ ২২৫ গ্ৰাম, মেস্কাৰপনে Delicious
চিজ ২ টেবুল চামুচ, হেভি ক্রিম ১০০ গ্ৰাম, কান্ডেঞ্চ মিল্ক ৪ টেবুল চামুচ,নেমুৰ ৰস ২ চাহ চামুচ + জেষ্ট এচামুছ, ভেনিলা এচেঞ্চ এচামুছ
প্ৰস্তুত প্ৰণালী - চিজ কেক বনোৱাৰ বিভিন্ন পদ্ধতি আছে। মই বেক আৰু কণীৰ ব্যৱহাৰ নকৰাকৈ ফ্ৰিজাৰত ৰাখি অতি সোৱাদ লগা চিজ কেকটো তৈয়াৰ কৰিছো। প্ৰথমতে বেক টিন এটাত বাটাৰ সানি, জোখমতে বাটাৰ পেপাৰ এখন কাটি লৈ লগাই একাষে থৈ দিয়ক। বিস্কুটৰ গুৰিৰ লগত বাটাৰ আৰু চেনি সানি লৈ কেক টিন টোত ঢালি দি চাৰিওফালে সমানে বহলাই দি চামুচ বা বাতিৰ তলিৰে হেঁচি হেঁচি ভালদৰে বহাই লৈ বাচন টো ফ্ৰীজত দহ বাৰ মিনিট মান থৈ দিব লাগিব। এতিয়া ক্রিমচিজৰ লগত কান্ডেঞ্চ মিল্ক, নেমুৰ ৰস-জেষ্ট আৰু ভেনিলা এচেঞ্চ লগলগাই পাঁচ মিনিট মান ভালদৰে ফেটি লব। হেভি ক্রিম আৰু মেস্কাৰপনে চিজো ফেটি লব বেলেগ বেলেগ কৈ। দহ মিনিট মান পিছত বাচন টো ফ্ৰীজৰ পৰা উলিয়াই আনি ক্রিমচিজৰ মিশ্ৰণ তোৰ লগত হেভিক্রিম লগলগাই বিস্কুটৰ গুৰিৰ ওপৰত ঢালি দি সমানকৈ বহলাই দি তাৰ ওপৰত মেস্কাৰপন চিজ খিনি দি এখন চামুচেৰে লাহে লাহে বহলাই দি বাচন টো ফ্ৰীজত পাঁচ- ছয় ঘন্টা অথবা এৰাতি ৰখাৰ পিছত উলিয়াই আনি কেক টো সুন্দৰ কৈ সজাই পৰিবেশন কৰিব।

No comments:
Post a Comment