Monday, 15 October 2018

Chocolate Cupcake With Chocolate Buttercream Icing

চকলেট কাপ কেক ( চকলেট বাটাৰক্ৰীম আইচিং)
Chocolate Cupcake With Chocolate Buttercream Icing

সামগ্ৰী --
ময়দা ডেৰ কাপ
কোকো পাউদাৰ আধা কাপ
চেনি এক কাপ
বেকিং পাউদাৰ এচামুচ
বেকিং ছ'ডা ডেৰ চামুচ
গাখীৰ এক কাপ
ৰিফাইন তেল আধা কাপ
ঠান্ডা পানী আধা কাপ
ভিনেগাৰ এচামুচ
ভেনিলা এচেঞ্চ দুচামুচ
কণী দুটা
নিমখ এচিকুট

আইচিং ---
আনচলটেড বাটাৰ এক কাপ
কোকো পাউদাৰ আধা কাপ
আইচিং চুগাৰ তিনি কাপ
ভেনিলা এচেঞ্চ দুচামুচ
ক্ৰীম দুই টেবুল চামুচ
নিমখ এচিকুট

প্ৰস্তুত প্ৰণালী ---  বহল বাচন এটাত ময়দা, কোকো পাউদাৰ, বেকিং পাউদাৰ, বেকিং ছ'ডা আৰু নিমখ লগলগাই চালি লওঁক। এতিয়া তাত বাকী সকলো সামগ্ৰী অলপ অলপকৈ মিহলাই ভালদৰে ফেটি লব।মিশ্ৰণ টো  কাপ কেক মল্ডত ভৰাই ১৮০ ডিগ্ৰীত ২২-২৫ মিনিট বেক কৰিব। ঠান্ডা হলেহে আইচিং কৰিব। আইচিং বনাবলৈ বাটাৰ,কোকো পাউদাৰ, ভেনিলা আৰু নিমখ ভালদৰে ফেটি লৈ ক্ৰীম আৰু আইচিং চুগাৰ দি আকৌ কিছু সময় ফেটি লব। সুন্দৰকৈ সজাই পৰিবেশন কৰিব। চকলেট কাপ কেক সৰু ল'ৰা ছোৱালীৰ খুবেই প্রিয় ।

No comments: