আটাৰ লাড়ুৰ ৰেচিপি
Wheat Flour Laddu
সামগ্ৰী --
আটা - এগিলাচ,
চেনি - আধা গিলাচ,
ঘি অথবা ৰিফাইন তেল
একাপ বা জোখ মতে,
মুম্ফলি বাদাম আধা কাপ,
কাজু ৮-১০ টা,
ইলাচি ৫-৬ টা
প্ৰস্তুত প্ৰণালী -- আটা খিনি তেল ঘি একো নিদিয়াকৈ শুদা কেৰাহীত ফহফহিয়া হোৱালৈ কম জুইত ভাজি একাষে থৈ দিয়ক। আটা যিমান পৰিমাণে লয় চেনি তাৰ আধা লব লাগিব। চেনি নোখোয়া সকলে গুৰ ব্যৱহাৰ কৰিব পাৰে। গুৰ খিনি গলাই লৈ চেকি লব লাগিব। চেনি দিলে মিক্সিত মিহিকৈ পিহি পাউদাৰ বনাই লব। মুম্ফলি বাদাম কেইটা শুদা কেৰাহীত ভাজি এখন টাৱেল বা ডাঠ কাপোৰত লৈ ভালদৰে মোহাৰি বাকলি বোৰ গুচাই লব। কাজু আৰু ইলাচি কেইটাও অলপ ভাজি লব। এতিয়া মুম্ফলি, কাজু,ইলাচি মিক্সিত মিহিকৈ পিহি লওঁক। লাগি ধৰিলে অলপ ভজা আটা দি লব পাৰে। বহল বাচন এটাত সকলো সামগ্ৰী লগলগাই ঘি বা তেলেৰে সানি নিজৰ পচন্দ মতে লাড়ু বনাই লওঁক। আইনাৰ বটলত ভৰাই থৈ এক ডেৰ মাহলৈ গৰম চাহ কফিৰ লগত আটাৰ লাড়ুৰ জুতি লব পাৰিব।

No comments:
Post a Comment