Monday, 3 September 2018

Bariyola Fish with Tomato and Black Taro

কলা কচু আৰু বিলাহীৰে বৰিয়লা মাছ
Bariyola Fish with Tomato and Black Taro

সামগ্ৰী --
বৰিয়লা মাছ ৮-১০ টা
কলা কচু  ১০-১২ ডাল
বিলাহী, কেঁচা জলকীয়া দুটাকৈ
পিয়াজ, তেজপাত এটাকৈ
আদা নহৰু বটা এচামুচ
জিৰা ধনীয়া গুৰি আধা চামুচকৈ
নিমখ, জালুক জলকীয়া গুৰি
সোৱাদ অনুযায়ী
হালধি, তেল জোখ মতে

প্ৰস্তুত প্ৰণালী  --  কচু কেইডাল ধুই বাকলি গুচাই মিহিকৈ কাটি লওঁক। বিলাহী, পিয়াজ, জলকীয়াও সৰুকৈ কাটি লব। কেৰাহীত জোখ মতে তেল দি মাছ কেইটা নিমখ হালধি সানি ভাজি একাষে থৈ দিয়ক। সেই তেলতে তেজপাত, পিয়াজ, জলকীয়া আৰু মচলা খিনি অলপ ভাজি লৈ বিলাহী ভাজিব। এতিয়া কচু খিনি কেৰাহীত দি ভালদৰে লৰাই দি ঢাকোন লগাই কিছু সময়  মধ্যমীয়া জুইত ভাজিব। কচু খিনি জহি আহিলে নিমখ হালধি দি আকৌ লৰাই দি এগিলাচ মান অথবা নিজৰ আন্দাজ মতে পানী দি উতলিবলৈ দিব। এক উতল আহিলে ভজা মাছ কেইটা দি আকৌ  কিছু সময় উতলিব দিব। কচু সিজি আঞ্জা খন থুপথুপিয়া হলে নমাই থব। গৰম ভাতৰ লগত খাবলৈ খুবেই জুতি লগা হয়।

No comments: